Wednesday 24 June 2015

(14)-"হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”

(14)-"হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”


By:- sogoodislam@gmail.com-sgis-25.06.2015
-------------------------------------------------------------

——প্রাচীনতম অনুমানিক খৃষ্টপূর্ব ২৫০০বছৰৰ(2500 BC) আৰবৰ অন্তর্ভূক্ত থকা সম্প্রদায়টো হৈছে ইয়েমেন। এওঁলোক আকৌ “শাবা”(SABA) সম্প্রদায়ৰ অন্তর্ভূক্ত। এওঁলোকৰ অভ্যুদয় হয় খৃষ্টপূর্ব ১১০০(1100 BC) আৰু সোণালী যুগৰ সূচনা হয় খৃষ্টপূর্ব ৬৫০ৰ পৰা খৃষ্টপূর্ব ১১৫লৈ। এই কাল চোৱাতেই ইয়েমেন ইতিহাস প্রসিদ্ধ নদী বান্ধ “মাৰিবৰ মশহুৰ” স্থাপন হয়। পৱিত্র কোৰআন শ্বৰীফত “শাবা”(SABA) নামেৰে এটা চুৰা নাযিল হৈছে। ইয়াৰ তফচিৰত(৩৪:২১) এওঁলোকৰ বুৰঞ্জী (ক্লিক কৰকঃ-http://wp.me/p53xn9-D) আৰু নদী বান্ধটোৰ কথা (৩৪:১৬)নং আয়াতত “ছাইলাল আ’ৰিম”( سَيْلَ الْعَرِمِ ) নামেৰে উল্লেখিত হৈছে।
——–৩০০ খ্রীষ্টাব্দৰ পিছৰপৰা ইছলাম আবির্ভাৱ হোৱালৈ ইয়েমেনৰ মাজত অস্থিৰতা আৰু বিশৃংখলতা ঘটে। ফলশ্রুতিত ইয়েমেনৰ স্বাধীনতাৰ বিলুপ্তি ঘটে আৰু ৰুমী সকলে তাত আধিপত্য প্রতিষ্ঠা কৰে।
——-৩৭৮ খ্রীষ্টাব্দৰ পিছত ইয়েমেন পুনৰ স্বাধীন হয়। কিন্তু ৪৫০/৪৫১ খ্রীষ্টাব্দত “মাৰিবৰ মশহুৰ” নদী বান্ধটো ভাঙি যোৱাৰ ফলত বহু গাওঁ ধ্বংসহৈ যায়।
——৫২৩ খ্রীষ্টাব্দত পুনৰ এক জঘন্য ঘটনা ঘটে। ইয়েমেনৰ ইহুদি সম্রাট “যু-নওয়াছে” ইহুদিলৈ ধর্মান্তৰ হোৱাৰ বাবে খ্রীষ্টানসকলক প্রৱল হেঁঁচা প্রয়োগ কৰিবলৈ ধৰে। খ্রীষ্টানসকলক কোনোমতেই মান্তি নোহোৱাত “যু-নওয়াছে” কিছুমান গাঁত খন্দাই তাত জুই জ্বলাই খ্রীষ্টানসকলক পেলাই জ্বলাই মাৰে। পৱিত্র কোৰআন শ্বৰীফৰ চুৰা বুৰুজৰ চাৰি নং আয়াতত “কোতিলা আসহাবুল উখূদ”( قُتِلَ أَصْحَابُ الْأُخْدُود) এই ঘটনাৰ ইঙ্গিত দিয়া হৈছে।

The long-abandoned Great Dam of Ma’rib, once a wonder of the world.
-contd.to-Next week-in sha Allah---

No comments:

Post a Comment